সাধাৰণ চৰ্দি(Common Cold)ৰ চিকিৎসাত ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহ

শীত কাল আৰম্ভ হোৱাৰ লগে লগে সৰু ল’ৰা-ছোৱালীকে ধৰি প্ৰায় মানুহৰে কাহ,পানী লগা,জ্বৰ আদি হোৱা দেখা যায় । হোমিওপেথিক পদ্ধতিত এনে শীতকালিন ৰোগৰ অতি উত্তম চিকিৎসা ব্যৱস্থা আছে । তলত তাৰে কেইটামান ঔষধৰ বিষয়ে আলোচনা কৰা হ’ল ।

একোনাইট নেপ(Aconitum Napellus)

হঠাৎ ঠাণ্ডা লাগি পানী লাগিলে Aconite Nap ব্যৱহাৰ কৰা হয় । যিকোনো ধৰণৰ হঠাৎ হোৱা ৰোগ যেনে-জ্বৰ,কাহ,পানী লগা আদিত প্ৰথমে Aconite Nap ব্যৱহাৰ কৰা উচিত ।

ফেৰাম ফচফৰিকাম(Ferrum Phosphoricum)

পানী লগাৰ লগত যদি জ্বৰ থাকে তেন্তে Ferrum Phos ব্যৱহাৰ কৰিব লাগে ।

পানী লগাৰ লগত যদি নাকৰ পৰা পানী ওলোৱা থাকে তেন্তে Natrum Mur ব্য়ৱহাৰ কৰিব লাগে । কিন্তু জ্বৰ থাকিলে Natrum Mur ব্য়ৱহাৰ কৰিব নেলাগে ।

পানী লগাৰ লগত যদি মূৰৰ বিষ থাকে তেন্তে Natrum Sulph ব্যৱহাৰ কৰিব লাগে ।

মাৰ্কিউৰিয়াছ চ’লুবিলিছ(Mercurius Solubilis)

পানী লগাৰ আৰম্ভণিতে অৰ্থাৎ পানী লগাৰ আগত যেতিয়া ডিঙিৰ ভিতৰত খচখচায় বা চেৰচেৰায় তেতিয়াই যদি এই ঔষধ ব্য়ৱহাৰ কৰা হয় পানী লগা আগবাঢ়ইব নোৱাৰে ।

পানী লাগি কাহ হৈ পকিলে বা বুকুৰ ভিতৰত উশাহ লওঁতে ঘেৰ ঘেৰালে Mercurius Sol ব্য়ৱহাৰ কৰা হয় ।

ঋতু পৰিবৰ্ত্তনৰ সময়ত পানী লাগিলে Mercurius Sol ব্যৱহাৰ কৰিব লাগে ।

আর্সেনিকাম এলবাম(Arsenicum Album)

পানী লগাৰ আগত বা পানী লগাৰ লগত যদি হাঁচি অহা অধিক থাকে আৰু ৰোগী অস্থিৰ হয়, তেন্তে Arsenic Albam ব্য়ৱহাৰ কৰিব লাগে। অস্থিৰ নহ’লে Allium Cepa ব্য়ৱহাৰ কৰা হয় ।

এম’নিয়াম কাৰ্ব’নিকাম(Ammonium Carbonicum)

নাকৰ ভিতৰত সেঙুন থাকি নাক বন্ধ হৈ গ’লে আৰু নাকেৰে উাশাহ লোৱাত অসুবিধা হ’লে Ammon Carb ব্যৱহাৰ কৰা হয় । পানী লাগিলে সৰু কেঁচুৱা ল’ৰা- ছোৱালীৰ এনে অসুবিধা হোৱা দেখা যয় ।

নাকৰ বিন্ধা শুকাই নাক বন্ধ হৈ গ’লে Nux Vomica ব্য়ৱহাৰ কৰিব লাগে ।

আয়’ডিয়াম(Iodium)

যিবিোৰ মানুহৰ বতৰৰ পৰিবৰ্ত্তনৰ লগত সম্বন্ধ নেথাকি ঘনাই পানী লাগি থাকে,তেনে লোক বা ল’ৰা- ছোৱালীৰ পানী লগাৰ চিকিৎসাৰ বাবে Iodium ব্যৱহাৰ কৰিব লাগে । প্ৰায় এমাহ মান Iodium ব্য়ৱহাৰ কৰাৰ পিছত Psorinum ব্যৱহাৰ কৰিব লাগে ।

যিবিলাক লোকৰ গৰল ৰোগ থাকে তেনে লোকৰ ঘনাই পানী লাগি থাকে । তেনে লোকৰ পানী লগাৰ চিকিৎসা কৰিবলৈ Iodium C.M শক্তিৰ প্ৰতিবাৰ জোন মৰিবৰ সময়ত মাহেকত এবাৰকৈ কেইমাহমান দীঘলীয়াকৈ ব্যৱহাৰ কৰিব লাগে ।

কেলকেৰিয়া কাৰ্ব’নিকা(Calcarea Carbonica)

শকত-আবত লোকৰ যাৰ শৰীৰত ৰক্ততকৈ পানীৰ পৰিমান বেছি থাকে তেনে লোকৰ ঘনাই পানী লাগি থাকে। এনে লোকৰ পানী লগাৰ চিকিৎসাত Calcaria Carb ব্যৱহাৰ কৰা হয় ।

বেৰাইটা কাৰ্ব’নিকা(Baryta Carbonica)

কটিয়া মানুহ বা লৰা- ছোৱালীৰ যাৰ থাইৰইড গ্লেণ্ডৰ বিকৃতি ঘটি দৈহিক বৰ্ধন নহয় আৰু কটিয়া হয় তেনে লোকৰ ঘনাই পানী লগা হৈ থাকিলে Baryta Carb ব্যৱহাৰ কৰিব লাগে ।

উপসংসাৰ
হোমিওপেথিক ঔষধৰ যদিও কোনো পাৰ্শ্ব ক্ৰিয়া নাই তথাপি অভিজ্ঞ হোমিওপেথিক চিকিৎসকৰ লগত পৰামৰ্শ কৰিহে হোমিও ঔষধ খোৱা উচিত ।
এই লেখনিৰ দ্বাৰা মাত্ৰ সজাগতা সৃষ্টিৰ চেষ্টা কৰা হৈছে । ই কোনো ঔষধৰ পৰামৰ্শ নহয় । আমাৰ লেখা পঢ়াৰ পূৰ্বে আমাৰ ৱেবচাইটৰ চৰ্ত আৰু নিয়মাৱলী তথা ৱেবচাইটৰ ঘোষণা পঢ়ি ল’বলৈ অনুৰোধ জনাওঁ । অধিক জানিবলৈ পঢ়ক-Site disclaimer