পাতনি
পাইলছ, যাক অৰ্শ বুলিও কোৱা হয়, হৈছে মলদ্বাৰ আৰু মলদ্বাৰত অৱস্থিত ৰক্তবাহী নলী ফুলি উঠা এক অৱস্থা। বহু লোকে এই ৰোগত ভুগি থাকিলেও লাজ-সংকোচত আনক নজনায় বা সময় মতে ডাক্তৰৰ পৰামৰ্শ নলয় । এই ৰোগক সেয়ে গুপ্ত ৰোগ বুলিও জনা যায় । এই ৰোগত মলদ্বাৰৰ ৰক্তবাহী নলী ফুলি উঠাৰ বাবে মলত্যাগ কৰাৰ সময়ত অস্বস্তি, বিষ, কেতিয়াবা ৰক্তক্ষৰণ আদিও হ’ব পাৰে। পাইলছ এটা সাধাৰণ ৰোগ হ’লেও ই যথেষ্ট কষ্টদায়ক হ’ব পাৰে। এই লেখাটোত পাইলছৰ বিভিন্ন কাৰণ সমূহ আৰু হোমিওপেথিক চিকিৎসা পদ্ধতিৰে কেনেকৈ ইয়াৰ ফলপ্ৰসূ চিকিৎসা কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে ।
পাইলছৰ কাৰণ
পাইলছ বিভিন্ন কাৰণত হ’ব পাৰে, যেনে:–
১) দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্য :
পাইলছৰ অন্যতম প্ৰধান কাৰণ হ’ল দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্য। দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্যৰ ফলত মলত্যাগ কৰাৰ সময়ত কঠিন মলৰ বাবে মলদ্বাৰৰ ৰক্তবাহী নলীবোৰত চাপ পৰে, যাৰ ফলত মলদ্বাৰৰ ৰক্তবাহী নলী ফুলি উঠে ।
২) দীৰ্ঘদিন বহি থকা বা থিয় হৈ থকা :
দীৰ্ঘদিন বহি বা থিয় হৈ থাকিব লগা হোৱা জীৱনশৈলীয়ে পাইলছৰ বিকাশত অৰিহণা যোগাব পাৰে। শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱত ৰক্ত সঞ্চালন কমি যায়, যাৰ ফলত মলদ্বাৰৰ ৰক্তবাহী নলীত হেঁচা পৰে আৰু ৰক্তবাহী নলী ফুলি উঠে ।
৩) গৰ্ভাৱস্থা :
গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তন আৰু বৃদ্ধি পোৱা জৰায়ুৰ দ্বাৰা প্ৰয়োগ কৰা চাপৰ ফলত পাইলছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। শ্ৰোণী অংশলৈ তেজৰ সোঁত বৃদ্ধি পোৱাটোৱেও পাইলছ গঠনত অৰিহণা যোগাব পাৰে।
৪) মেদবহুলতা :
অতিৰিক্ত ওজন আৰু মেদবহুলতাই মলদ্বাৰৰ সিৰাত অতিৰিক্ত চাপ পেলাব পাৰে, যাৰ ফলত এনেলোকৰ পাইলছ হোৱাৰ সম্ভাৱনা বেছি।
৫) বংশগত কাৰক :
কিছুমান ক্ষেত্ৰত উত্তৰাধিকাৰী সূত্ৰে পাইলছ হ’ব পাৰে। যদি এজন লোকৰ বংশত পাইলছৰ ৰোগ হোৱাৰ ইতিহাস থাকে, তেন্তে পিছৰ প্ৰজন্মত এই ৰোগ হোৱাৰ প্ৰৱণতা বেছি হ’ব পাৰে।
হোমিওপেথীৰ দ্বাৰা পাইলছৰ চিকিৎসা
হোমিওপেথী এক সামগ্ৰিক আৰু প্ৰাকৃতিক পদ্ধতি । পাইলছৰ চিকিৎসাত ই এক ফলপ্ৰসূ চিকিৎসা পদ্ধতি । ই ব্যক্তিগত লক্ষণসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু শৰীৰৰ নিৰাময় ব্যৱস্থাক উদ্দীপিত কৰাত গুৰুত্ব প্ৰদান কৰে। পাইলছৰ চিকিৎসাত সাধাৰণতে ব্যৱহৃত কেইবিধমান হোমিও’পেথিক ঔষধ ইয়াত উল্লেখ কৰা হ’ল:
১) ইস্কুলাছ হিপ’কাষ্টানাম
এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীয়ে মলদ্বাৰ গধূৰ অনুভৱ কৰে । মলদ্বাৰৰ ৰক্তবাহী নলী ফুলি উঠাৰ লগতে পূৰ্ণতা আৰু কঁকালৰ বিষ অনুভৱ কৰে। পাইলছৰ লগত জড়িত বিষ, খজুৱতি আৰু জ্বলা-পোৰা আদি ইস্কুলাছ হিপ’কাষ্টানামে উপশম ঘটাব পাৰে।
২) হামামেলিছ ভাৰ্জিনিয়ানা
তেজ ওলোৱাৰ প্ৰৱণতা থকা পাইলৰ ক্ষেত্ৰত হামেলিছ ফলপ্ৰসূ। ই ৰক্তক্ষৰণ কমোৱাত সহায় কৰিব পাৰে, বিষৰ পৰা উপশম পাব পাৰে, ফুলা কমোৱাত সহায় কৰিব পাৰে।
৩) ৰাটানহিয়া
জ্বলা-পোৰা আৰু তীব্ৰ খজুৱতি হোৱা পাইলছৰ বাবে ৰাটানহিয়া বাঞ্চনীয়। ই পাইলছৰ লগত জড়িত অস্বস্তি আৰু বিষ কমোৱাত সহায় কৰিব পাৰে।
৪) নাক্স ভমিকা
বহি থকা জীৱনশৈলী, অনিয়মিত খাদ্যাভ্যাস, মদ বা টেঙা খাদ্য অত্যধিক খোৱা লোকৰ পাইলছ ৰোগত নাক্স ভমিকা উপযোগী। ই মলত্যাগ নিয়মীয়া কৰাত সহায় কৰিব পাৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে।
৫) চালফাৰ
চালফাৰ কৰাৰ লক্ষ্যণ হ’ল মলদ্বাৰ খজুৱায় আৰু জ্বলা-পোৰা কৰে । এই লক্ষণৰ লগত দীৰ্ঘদিনীয়া পাইলছৰ ৰোগত চালফাৰ প্ৰায়ে প্ৰেছক্ৰিপচন কৰা হয়। ই প্ৰদাহ কমোৱাৰ লগতে আৰোগ্য লাভ কৰাত সহায় কৰিব পাৰে।
পাইলছৰ চিকিৎসাৰ বাবে ব্যক্তি এজনৰ নিৰ্দিষ্ট লক্ষণ আৰু চিকিৎসাৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতকৃত চিকিৎসা পৰিকল্পনাৰ বাবে যোগ্য হোমিওপেথিক চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।
পাইলছ প্ৰতিৰোধৰ বাবে জীৱনশৈলীৰ পৰিৱৰ্তন :
হোমিওপেথিক চিকিৎসাৰ উপৰিও জীৱনশৈলীৰ পৰিৱৰ্তনে পাইলছ প্ৰতিৰোধ আৰু ফলপ্ৰসূভাৱে চিকিৎসাত সহায় কৰিব পাৰে। ইয়াত কিছুমান টিপছ দিয়া হ’ল:
১) আঁহযুক্ত খাদ্য খোৱা
আঁহযুক্ত খাদ্য খোৱাটোৱে মলত্যাগ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰিব পাৰে। দৈনিক আহাৰত ফল-মূল, শাক-পাচলি, গোটা শস্য, আৰু মাহজাতীয় শস্য অন্তৰ্ভুক্ত কৰক।
২) হাইড্ৰেটেড হৈ থকা
গোটেই দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে । এই অভ্যাস মল কোমল হৈ থকাত সহায়ক হয়।
৩) নিয়মিতভাৱে ব্যায়াম কৰা
নিয়মিত শাৰীৰিক ক্ৰিয়া-কলাপ যেনে খোজ কঢ়া,দৌৰা আদিত লিপ্ত হ’লে তেজৰ সঞ্চালন উন্নত হ’ব পাৰে আৰু পাইলছৰ বিকাশ ৰোধ কৰিব পৰা যায়। প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম, যেনে খোজ কঢ়া বা সুবিধা থাকিলে সাঁতোৰাৰ অভ্যাস কৰিব লাগে।
৪) বহু সময় বহি থকা বা থিয় হৈ থকাৰ পৰা বিৰত থকা
যদি আপোনাৰ কামত দীৰ্ঘ সময় বহি বা থিয় হৈ থকাৰ প্ৰয়োজন হয়, তেন্তে নিয়মীয়াকৈ বিৰতি লওক আৰু আপোনাৰ ৰুটিনত গতিবিধি অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক।
৫) সময় মতে শৌচ কৰাৰ অভ্যাস
শৌচাগাৰলৈ যোৱাৰ প্ৰয়োজনীয়তাত বিলম্ব কৰিব নেলাগে । নিয়মিত সময় মতে শৌচ কৰাৰ অভ্যাসে পাইলচ প্ৰতিৰোধত বহু সহায়ক হয় । কোমল, সুগন্ধিহীন টয়লেট পেপাৰ ব্যৱহাৰ কৰিব লাগে। গাঁৱত বাস কৰা বহু লোকে শৌচদ্বাৰ মুচিবলৈ লেতেৰা কাপোৰ, খহতা কাগজ বা কেঁচুমতা আদি ব্যৱহাৰ কৰে । লেতেৰা কাপোৰ বা কেঁচুমতা আদি ব্যৱহাৰ কৰাটো সংক্ৰমণৰ কাৰণ হ’ব পাৰে ।
উপসংহাৰ
পাইলছ অস্বস্তি আৰু বিষৰ কাৰণ হ’ব পাৰে, কিন্তু সঠিক ব্যৱস্থা আৰু উপযুক্ত চিকিৎসাৰ দ্বাৰা ইয়াৰ পৰা উপশম পাব পৰা যায়। হোমিওপেথীয়ে পাইলছৰ চিকিৎসাৰ এক মৃদু আৰু স্বাভাৱিক পদ্ধতি আগবঢ়ায় । ই ব্যক্তিগত লক্ষণসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। হোমিও’পেথিক ঔষধৰ লগতে সুস্থ জীৱনশৈলী গ্ৰহণ কৰিলে পাইলছৰ পুনৰাবৃত্তি ৰোধ কৰাত সহায়ক হ’ব পাৰে। ব্যক্তিগতকৃত চিকিৎসা আৰু নিৰ্দেশনাৰ বাবে যোগ্য হোমিওপেথিক চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।