জ্বৰত ইপিকাকুৱানা ( Ipecacuanha)ৰ ব্য়ৱহাৰ

জ্বৰত ইপিকাকুৱানা ( Ipecacuanha )ৰ ব্য়ৱহাৰ

জ্বৰত এই ঔষধটো ব্য়ৱহাৰ কৰাৰ প্ৰধান লক্ষণ হ’ল–

(ক ) সকলো সময়তে বমি কৰিম বমি কৰিম লাগি থাকে । বমি কৰিলেও বমি কৰিম কৰিম লাগি থকা ভাব নুগুছে ।

(খ) জ্বৰ উঠাৰ লগে লগে শৌচ আৰু বমি হয় ।

মন কৰিব লগীয়া যে জ্বৰ উঠাৰ লগে লগে যদি টেঙা বমি আৰু টেঙা শৌচ হয় তেন্তে ফেৰৰাম ফচ ( Ferrum Phosphoricum) আৰু নেট্ৰাম ফচ( Natrum Phosphoricum ) ইটোৰ পাছত সিটো ব্য়ৱহাৰ কৰিব লাগে ।

এইবিলাক মূল লক্ষণৰ লগতে পেটত নাড়ীটোৰ ওপৰত বিষ আৰু গোটেই শৰীৰটোত বিষ থাকিব পাৰে । । জিভা প্ৰায় পৰিস্কাৰ থাকিব পাৰে ।

ওপৰৰ লক্ষণ বোৰ পালে নেৰানেপেৰা জ্বৰ (Continued Fever ) পাল জ্বৰ ( Intermittent Fever), ইনফ্লুয়েঞ্জা ( Influenza ),মেলেৰীয়া ( Malaria ) আদি সকলো জ্বৰতে ইপিকাকুৱানা ( Ipecacuanha) ব্য়ৱহাৰ হয় ।

সৰু ল’ৰা-ছোৱালীৰ অজীৰ্ণ ( indigestion)ৰ ফলত হোৱা জ্বৰত এই লক্ষণবোৰ প্ৰায়ে পোৱা যায় ।

মন কৰিব লগীয়া যে টাইফয়ড ( Typhoid ) জ্বৰত ইপিকাকুৱানা ( Ipecacuanha ) ব্য়ৱহাৰ নহয় ।