হোমিওপেথিক ঔষধেৰে সাধাৰণ কাহৰ চিকিৎসা
Aconite Napৰ ব্যৱহাৰৰ লক্ষণ
হঠাৎ বতাহ লাগি যদি কাহ হয় তেন্তে Aconite Nap ব্যৱহাৰ কৰা হয় ।
এই কাহৰ লক্ষণ হৈছে ডিঙি-মুখ শুকাই যায় আৰু শুকান কষ্টকৰ কাহ হয় । ৰাতি শুব নোৱাৰে । অস্থিৰ হয় । পানী পিয়াহ থাকে । হঠাৎ জ্বৰ বমি আদি হয় । এনে লক্ষণ পালে Aconite Nap ব্যৱহাৰ হয় ।
Belladonaৰ লক্ষণ
এই ঔষধৰ লক্ষণ হ’ল সামান্য ঠাণ্ডা লাগিলে কাহ উৎপত্তি হয় । ডিঙিত বিষ হয় । টনচিল ফুলে । এনে লক্ষণ পালে Belladona ব্যৱহাৰ হয় ।
মন কৰিব লগীয়া যে Belladona ব্যৱহাৰ হোৱা ৰোগীৰ কুকুৰে ভুকিলে শব্দ হোৱাৰ দৰে শুকান কষ্টকৰ কাহৰ শব্দ হয় । ডিঙিৰ ভিতৰত গৰম,জ্বলা-পোৰা কৰা বিষ থাকে । মূৰ গৰম আৰু বিষ থাকে । চকু-মুখ ৰঙা পৰে ।
কাহ ৰাতি বেছি হয় । কাহোতে কাহোতে উশাহ বন্ধ হোৱাৰ দৰে হয় । সামান্য কফ ওলালে কিছু সময়লৈ আৰাম পায় । এনে লক্ষণ পালে Belladona ব্যৱহাৰ কৰি কাহ ভাল হলে সম্পূৰ্ণ আৰোগ্য হবলৈ Calcaria Carb ব্যৱহাৰ কৰিব লাগে ।
Chamomila ব্যৱহাৰ কৰাৰ লক্ষণ
সৰু ল’ৰা-ছোৱালীৰ কাহত এই ঔষধৰ লক্ষণ প্ৰায়ে পোৱা যায় ।
শুকান কাহ হওক বা নৰম কাহ হওক ৰোগী ৰাতি শুব নোৱাৰে । নাক বন্ধ থাকে । অস্থিৰ হয় আৰু সকলো সময়তে আমনি কৰে । মূৰত প্ৰায়ে ঘাম থাকে ।
এনে লক্ষণ পালে Chamomila ব্যৱহাৰ কৰিব লাগে । (যদি অস্থিৰ নহয় বা আমনি নকৰে কিন্তু নাক বন্ধ থাকে তেন্তে Ammon Carb ব্যৱহাৰ কৰিব লাগে ।
Chamomila ব্যৱহাৰ কৰাৰ প্ৰধান লক্ষণ হল টোপনি আহিলে উচপ কাই উঠে বা ভয় খোৱাৰ দৰে হয় । ( এনে লক্ষণ Bellodoina আৰু Stramonium তো দেখা যায় ।
Iodiumৰ ব্যৱহাৰ
যিবোৰ ল’ৰা-ছোৱালী বা লোকৰ সঘনাই পানী লগা হয় আৰু ক্ষীণ তেনে লোকৰ প্ৰায়বিলাক কাহ এই ঔষধৰ দ্বাৰাই আৰোগ্য হয় । পানী লগা যদি প্ৰায়ে হৈ থাকে তেন্তে এমাহ মানলৈকে প্ৰয়োজন হলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে ।