কনজাঙ্কটিভাইটিচ (Conjunctivitis) বা অপথেলমিয়া (Opthalmia)
কনজাঙ্কটিভাইটিচ (Conjunctivitis) বা অপথেলমিয়া (Opthalmia) ৰোগ কি ?
চকুৰ মণিৰ চাৰিওকাষৰ যি বগা অংশ সেই অংশক কনজাঙ্কটাইভা ( Conjunctiva) বোলে । এই অংশৰ ৰোগ হ’লে তাক কনজাঙ্কটিভাইটিচ (Conjunctivitis) বা অপথেলমিয়া (Opthalmia) বোলা হয় ।
কনজাঙ্কটিভাইটিচ (Conjunctivitis) বা অপথেলমিয়া (Opthalmia)ৰ লক্ষণ
এই ৰোগ আৰম্ভ হোৱাৰ লগে লগে প্ৰথমে চকুৰ বগা অংশ ৰঙা পৰে বা গোলপীয়া ৰং হয় ।
চকু কুটকুটায়, খজুৱায়,জ্বলা-পোৰা কৰে । চকুত বিষ হয় বা চকু ফুলি উঠে । ইয়াৰোপৰি চকুৰ পৰা ধাৰাসাৰে পানী ওলায় ।
ৰোগ যদি পুৰণি হয় তেন্তে চকুৰ পৰা পুঁজ ওলায় । চকুৰ পাতত ঘামচিৰ দৰে সৰু সৰু ফোঁহা উঠে । চকুৱে বেলিৰ পোহৰ বা চাকিৰ পোহৰ সহ্য কৰিব নোৱাৰে ।
Conjunctivitis বা Opthalmia ৰোগৰ চিকিৎসাত Aconite Napৰ ব্য়ৱহাৰ
কনজাঙ্কটিভাইটিচ ৰোগ আৰম্ভ হোৱাৰ লগে লগে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । চকুত যদি কোনো কাৰণত বিষ হয় তেন্তে Aconite Nap ব্য়ৱহাৰ কৰিব লাগে। Aconite Nap আৰম্ভণিতে ব্যৱহাৰ কৰিলে ৰোগ আগবাঢ়িব নোৱাৰে । প্ৰথম অৱস্থাতে ৰোগ আৰোগ্য় হয় ।
Aconite Napৰ দৰে প্ৰথম অৱস্থাত Ferrum Phosও ব্য়ৱহাৰ কৰিব পাৰি ।
Conjunctivitis বা Opthalmia ৰোগৰ চিকিৎসাত Belladonaৰ ব্য়ৱহাৰ
কনজাঙ্কটিভাইটিচ ৰোগত Belladona ব্য়ৱহাৰ কৰিব লগীয়া লক্ষণ হ’ল ৰোগীৰ চকু তেজৰ দৰে ৰঙা পৰে । চকু শুকান হয় । চকুত ভয়ানক জ্বলা-পোৰা কৰে আৰু পোহৰ সহ্য কৰিব নোৱাৰে ।
ইয়াৰোপৰি মন কৰিব লগীয়া লক্ষণটো হ’ল কনজাঙ্কটিভাইটিচৰ লগতে ৰোগীৰ মূৰৰ বিষ থাকে । এই লক্ষণবোৰ যদি মিলে তেন্তে Belladona ব্য়ৱহাৰ কৰিলে কনজাঙ্কটিভাইটিচ অতি সোনকালে আৰোগ্য় হয় ।
মন কৰিব লগীয়া যে Aconite Nap আৰু Belladona ব্য়ৱহাৰ কৰিব লগীয়া ৰোগীৰ জ্বৰো থাকিব পাৰে ।
Conjunctivitis বা Opthalmia ৰোগৰ চিকিৎসাত Mercurius Sol ৰ ব্য়ৱহাৰ
কনজাঙ্কটিভাইটিচত এই ঔষধ ব্য়ৱহাৰ কৰাৰ লক্ষণ হ’ল চকুৰ ৰোগৰ লগতে শৰীৰত এবাৰ জাৰ এবাৰ গৰম লাগি থাকে । চকু জ্বলা-পোৰা কৰে । চকু খছ খছায় , ৰঙা পৰে । চকুৰ পৰা পানী ওলায় ।
Conjunctivitis বা Opthalmia ৰোগৰ চিকিৎসাত Euphrasia ৰ ব্য়ৱহাৰ
নতুন বা পুৰণি যেইকোনো ধৰণৰ চকুৰ ৰোগত এই ঔষধ ব্য়ৱহাৰ হয় । Conjunctivitis আৰম্ভ হোৱাৰ প্ৰথমৰ পৰা শেষলৈকে এই ঔষধ আন ঔষধৰ লগত ইটোৰ পাছত সিটো ব্য়ৱহাৰ কৰিব লাগে ।
চকুৰ পৰা ধাৰাসাৰ পানী ওলালে । চকু ৰোগৰ ফলত ৰাতি চকুৰ বান্ধি থলে Pulsatila ৰ লগত Euphrasia ইটোৰ পাছত সিটো ব্য়ৱহাৰ কৰিব লাগে ।
যদি কনজাঙ্কটিভাইটিচ ৰোগৰ বাবে চকুৰ পৰা ধাৰাশাৰ পানী ওলায়,ৰাতি চকু বান্ধি থয়, যদি চকুৰ পাত বিলাক ৰঙা পৰে, উখহে আৰু ঘামচিৰ দৰে সৰু সৰু ফোঁহা জাতীয় উদ্ভেদ ওলায় তেন্তে Mercurius Sol ৰ লগত Euphrasia ইটোৰ পাছত সিটো ব্য়ৱহাৰ কৰিব লাগে ।
যদি ৰোগ আগবাঢ়ি গৈ চকুৰ পাত বিলাকত ফোঁহা উৎপত্তি হয় তেন্তে Mercurius Sol, Euphrasia আৰু Arsenic Albam ইটোৰ পিছত সিটো 200 ক্ষমতাৰ ঔষধ দিনে এখোৰাক কৈ ব্য়ৱহাৰ কৰিব লাগে । ৰোগ আৰোগ্য হৈ আহিলে ঔষধ খোৱাৰ দিন বহলাই 4/5 দিনৰ মূৰে মূৰে ইটোৰ পাছত সিটো ব্য়ৱহাৰ কৰিব লাগে ।
এইধৰণে ঔষধ ব্য়ৱহাৰ কৰিলে জটিল ধৰণৰ কনজাঙ্কটিভাইটিচ ৰোগো আৰোগ্য হয় ।
কেৱল এটা ঔষধৰ ওপৰত নিৰ্ভৰ কৰি চকু ৰোগৰ চিকিৎসা কৰিলে ৰোগ আগবাঢ়ি চকুৰ ক্ষতি কৰিব পাৰে ।
Conjunctivitis বা Opthalmia ৰোগৰ চিকিৎসাত Apismelৰ ব্য়ৱহাৰ
কনজাঙ্কটিভাইটিচ ৰোগত আন লক্ষণ বিলাকৰ লগত চকুৰ ৰং ৰঙা নহৈ যদি গোলাপী ৰং হয় তেন্তে এই ঔষধ ব্য়ৱহাৰ কৰিব লাগে ।
চকুৰ তল ফালৰ পাহি সামান্য বা অতিৰিক্ত ফুলিলে বা উখহিলে Apismel ব্য়ৱহাৰ কৰিব লাগে ।
( মন কৰিব লগীয়া যে যদি চকুৰ ওপৰৰ পাহি ফুলে বা উখহে তেন্তে চকুৰ যি ৰোগেই নহওক Kali Karb ব্যৱহাৰ কৰিব লাগে । গোটেই চকুটো সামান্য় বা অতিৰিক্ত ফুলিলে বিষ থাকক নেথাকক Rhus Tox ব্যৱহাৰ কৰিব লাগে । চকুৰ ভিতৰত পুঁজ থকাৰ বাবে কেতিয়াবা চকু ফুলে । চকুৰ ভিতৰত পুঁজ জমা হৈ অধিক ফুলিলে Apismel ব্যৱহাৰ হয় ।)
Conjunctivitis বা Opthalmia ৰোগৰ চিকিৎসাত Mercurius -Corৰ ব্য়ৱহাৰ
Conjunctivitis ৰোগৰ লগতে যদি প্ৰস্ৰাৱৰ ৰোগ থাকে তেন্তে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । এই ঔষধ ব্যৱহাৰ কৰাৰ লক্ষণ হল–Conjunctivitisৰ লগতে প্ৰস্ৰাৱৰ ৰোগ হয় । ঘনাই প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱ কম হোৱা, প্ৰস্ৰাৱ কৰোতে অতিৰিক্ত জোৰ দিব লগা হোৱা ।
( প্ৰস্ৰাৱ কম বা বন্ধ থাকি কনজাঙ্কটিভাইটিচ ৰোগ হ’লে Apismel ব্যৱহাৰ কৰিব লাগে ।)
মন কৰিব লগীয়া–হোমিও ঔষধৰ যদিও কোনো পাৰ্শ্ব ক্ৰিয়া নাই তথাপি অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজে দৰৱ খোৱা অনুচিত ।
সাৱধানতা–কনজাঙ্কটিভাইটিচ ৰোগ অতি সংক্ৰামক ৰোগ । এই ৰোগৰ পৰা বাচিবলৈ সাৱধানতা অৱলম্বন কৰা উচিত ।
এই ৰোগত ভুগি থকা ৰোগীৰ অতি কাষলৈ অহা উচিত নহয় ।
ৰোগীৰ সৈতে কৰমৰ্দন কৰা অনুচিত । তেনে কৰিলে লগে লগে হাত ধোব লাগে।
ৰোগীয়ে ব্যৱহাৰ কৰা চশমা ,ৰুমাল আদি ব্যৱহাৰ কৰা বা হাতেৰে চুৱা অনুচিত ।
লেতেৰা হাতেৰে চকু মোহাৰিব নেলাগে ।
পৰিষ্কাৰ পানীৰে চকু-মুখ আদি ধোৱা উচিত ।
ৰোগত ভুগি থকা লোকে কেচুৱা আদি কোচত ল’ব নেলাগে আৰু সৰু ল’ৰা-ছোৱালীক অতি কাষলৈ আহিব দিব নেলাগে।