This page may contain affiliate links. For more details, please see our Affiliate Disclosure.
আঘাত
- থেতেলা খোৱা,খুন্দা খোৱা
- ৰক্তপাত
- ঘা পকি পূঁজ ওলালে
- মামৰ থকা অস্ত্ৰই কাটিলে
- মুছুকা খাই হাড়ৰ জোৰা ইফাল-সিফাল হোৱা
- নাৰ্ভত আঘাত লগা
- হাড় ভাঙিলে
হোমিওপেথিকত আঘাতৰ ফলপ্ৰসূ চিকিৎসা আছে । আঘাতৰ চিকিৎসাlত ব্যৱহাৰ হোৱা কেইবিধমান ঔষধৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।
আৰ্ণিকা মণ্ট(Arnica Mont): সকলো ধৰণৰ আঘাতত বিশেষকৈ থেতেলা খোৱা,খুন্দা খোৱা আঘাতত এই ঔষধ ব্যৱহাৰ কৰা হয় ।
আঘাত লগাৰ পাছত যিকোনো উপসৰ্গ সৃষ্টি হ’লে যেনে-অজ্ঞান হোৱা,অজ্ঞান অৱস্থাত শৌচ-প্ৰস্ৰাৱ কৰা আদিত প্ৰথমে আৰ্ণিকা মণ্ট ব্যৱহাৰ কৰিব লাগে ।
কোনো চোকা অস্ত্ৰই কাটিলে কটা স্থানৰ পৰা ওলোৱা ৰক্তপাত বন্ধ কৰিবলৈ আৰ্ণিকা মণ্ট ব্যৱহাৰ কৰিব লাগে । তেজ বন্ধ নোহোৱালৈকে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । সম্পূৰ্ণ আৰোগ্য হ’বলৈ আৰ্ণিকাৰ পাছত স্টেফিসেগ্ৰিয়া(Staphysagria) ব্যৱহাৰ কৰিব লাগে।
কটা অংশৰ পৰা ধাৰাসাৰ তেজ ওলালে ফেৰাম ফচ( Ferrum Phosphoricum) ৩X,৬X বা ১২X শক্তিৰ ঔষধ তেজ ওলোৱা বন্ধ নোহোৱালৈকে কটা বা ফটা ঠাইত হেঁচা মাৰি ধৰি ধৰিব লাগে । লগতে আৰ্ণিকা 1(M) ক্ষমতাৰ ঔষধ খাবলৈ দিব লাগে ।
কটা বা থেতেলা খোৱা অংশত অতিৰিক্ত বিষ হ’লে বা বিষৰ বাবে জ্বৰ হ’লে আৰ্ণিকাৰ লগত একোনাইট নেপ(Aconite Nap) ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।
যদি কটা বা আঘাত পোৱা ঠাইডোখৰ ক’লা বা নীলা পৰে,তেন্তে আৰ্ণিকাৰ সলনি লিডাম(Ledum) ব্যৱহাৰ কৰিব লাগে ।
কেলেণ্ডুলা অফিচিনেলিচ (Calendula Officinalis) : কেলেণ্ডুলাই কটা ঘাত সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে। কেলেণ্ডুলা টিংচাৰ বা মলম পোনে পোনে ঘাঁত লগাব পাৰি। কটা বা থেতেলা খোৱা ঘা পকি পূঁজ ওলালে কেলেণ্ডলাৰ মূল আৰক( Mother Tincture) নাৰিকল তেলৰ লগত মিহলি কৰি পূঁজ ওলোৱা ঠাইত লগাব লাগে ।
পূঁজ সৃষ্টি হলে হেপাৰ সালফ( Hepar Sulph)ও ব্যৱহাৰ হয় ।
লিডাম(Ledum): আলপিন,গজাল আদি জোঙা বস্তুৱে বিন্ধিলে বা দেহত সোমালে এই ঔষধ ব্যৱহাৰ কৰিব লাগে । এনে ধৰণৰ আঘাতত এই ঔষধ ব্যৱহাৰ কৰিলে ধনুষ্টঙ্কাৰ হব নোৱাৰে ।
মামৰ থকা অস্ত্ৰই কাটিলে বা মামৰ থকা গজাল আদি দেহত সোমালে লিডাম(Ledum) 1(M) আৰু একুনেইচি এংগুষ্টিফলিয়া(Echinacea angustifolia) 1(M) ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিব লাগে ।
ৰুটা গ্ৰেভিউলিন(Ruta Graveolens): খুন্দা খাই,থেতেলা খাই বা মুছুকা খাই হাড়ৰ জোৰা ইফাল-সিফাল হোৱাৰ ফলত অতিৰিক্ত বিষ হ’লে(Dislocation) ৰুটা গ্ৰেভিউলিন ব্যৱহাৰ হয় । ই হাড়ৰ জোৰা সংলগ্ন মাংস পেশীৰ আঘাতত ব্যৱহাৰ হয় (Ruta is used for injuries to the periosteum)।
হাইপেৰিকাম পাৰ্ফোৰেটাম(Hypericum Perforatum) : কটা-ছিঙা,থেতেলা খোৱা আদিত যদি নাৰ্ভত আঘাত লগাৰ ফলত অত্যন্ত বিষ হয়,তেন্তে হাইপেৰিকাম পাৰ্ফোৰেটাম ব্যৱহাৰ কৰিব লাগে(sharp pain due to nerve damage near the site of the fracture) । মুছুকা খাই অতিৰিক্ত বিষ হলেও পাইপেৰিকাম ব্যৱহাৰ কৰা হয় । নাৰ্ভৰ আঘতৰ চিকিৎসাl পাইপেৰিকাম অতি ফলপ্ৰসূ ঔষধ ।
ৰস টক্স (Rhus toxicodendron):বেঙ্গা মেলি,পিছল খাই পৰি বা গধুৰ বস্তু উঠাওতে মুছুকা খাই বিষ হ’লে ৰস টক্স ব্যৱহাৰ হয় ।
হাড় ভঙা
সিমফাইটাম অফিচিনেইল(Symphytum Officinale): হাড় ভাঙিলে হাড় জোৰা লগাবৰ বাবে এই ঔষধ ব্যৱহাৰ হয় । হোমিওপেথিকৰ হাড় জোৰা লগোৱাৰ ই প্ৰাথমিক ঔষধ । কিছুদিন সিমফাইটাম ব্যৱহাৰ কৰাৰ পিছত সম্পূৰ্ণ হাড় জোৰা লগাবj বাবে কেলকেৰিয়া ফচ(calcarea phosphorica) ব্যৱহাৰ কৰিব লাগে ।
FOR THYROID SUPPORT
Relieves the symptoms of thyroid imbalance
Accelerates metabolism converting food into energ
Balanced thyroid and other hormone levels
Buy on Amazon