জ্বৰত ব্য়ৱহাৰ কৰা আন এটা হোমিওপেথিক ঔষধ হৈছে ব্ৰাইওনিয়া এলবা (Bryonia Alba)
ব্ৰাইওনিয়া এলবাৰ (Bryonia Alba) মূল লক্ষণ হৈছে ইয়াৰ ৰোগ হঠাৎ নহৈ ধীৰে ধাৰে আৰম্ভ হয় । ৰোগ সম্পূৰ্ণ ৰূপে প্ৰকাশ পাবলৈ কেইবাদিনো লাগে । বাহিৰত প্ৰকাশ পোৱাৰ আগেয়ে ই তলে তলে দেহত বিয়পি পৰে । কেইবাদিনৰ পৰা গাটো জ্বৰ জ্বৰ লাগি থাকে বা সম্পূৰ্ণকৈ জ্বৰও নহয় কিন্তু ৰোগীয়ে সম্পূৰ্ণকৈ সুস্থও অনুভৱ নকৰে ।
জ্বৰত ব্ৰাইওনিয়া ব্য়ৱহাৰ কৰাৰ লক্ষণ হ’ল ৰোগীয়ে কাহিলে, ইফাল সিফাল কৰিলে ,হাত-ভৰি লৰালে বা ইকাটি- সিকাটি কৰিলে উপসৰ্গ বিলাক বেছি হয় । শুই থকাৰ পৰা বহিব খুজিলে মূৰ ঘূৰায়, বমি কৰিম কৰিম লাগে বা বমি হয় । শৰীৰত যদি বিষ থাকে টিপি দিলে আৰাম পায় । মূৰত বিষ বেছি হয় ।
মুখ,ডিঙি আৰু জিভা শুকাই থাকে । পানী পিয়াহ থাকে । জিভাৰ মাজ অংশত সামান্য বগা বা হালধীয়া ৰং পৰে । শৌচ নহয় । শৌচ অতি শুকান আৰু পোৰা মাটিৰ দৰে হয় ।
বুকুৰ সোঁফালে কামিহাড়ৰ তলত বিষ থাকিব পাৰে । এইধৰণৰ বিষ থাকিলে লগতে দুৰ্গন্ধ শৌচ আৰু তিতা বমি হলে ব্ৰাইওনিয়া ব্য়ৱহাৰ কৰিব লাগে ।
ওপৰত উল্লেখ কৰা লক্ষণবোৰ যদি থাকে তেন্তে টাইফয়েড জ্বৰ (Typhoid Fever), ইনফ্লুয়েঞ্জা (Influenza),নেৰানেপেৰা জ্বৰ ( Continued Fever ) বা পাল জ্বৰ ( Remittent Fever ) এই আটাইবোৰ জ্বৰতে ব্ৰাইওনিয়া ব্য়ৱহাৰ কৰিব লাগে ।