সকলো জ্বৰৰ ঔষধ ফেৰৰাম ফচফৰিকাম ( Ferrum Phosphoricum)
সকলো জ্বৰতে প্ৰথমৰে পৰা শেষলৈকে Ferrum Phoos ব্যৱহাৰ কৰিব লাগে ।
এই ঔষধৰ লক্ষ্যণ থকা জ্বৰত কিছুমান ৰোগীৰ দেহত ঘাম থাকে আৰু কিছুমানৰ ঘাম নেথাকে । ফেৰৰাম ফচ ব্য়ৱহাৰ কৰিব লগীয়া ৰোগীৰ সাধাৰণ লক্ষ্যণ হ’ল অতি দুৰ্বলতা আৰু অনবৰতে শুই থকাৰ ইচ্ছা । কিন্তু শুই থাকিলে ইয়াৰ লক্ষ্যণ বাঢ়ে । লাহে লাহে খোজ কাঢ়িলে উপশম হয় ।
জ্বৰৰ লগতে যদি ৰোগীৰ শৌচ,বমি আদি থাকে তেন্তে তেনে ক্ষেত্ৰত ফেৰৰাম ফচ অকলে ব্য়ৱহাৰ নকৰি লগত কেলি মিউৰেটিকাম Kali Mureticum চমুকৈ ( Kali Mur ) ব্যৱহাৰ কৰিব লাগে ।
যদি জ্বৰৰ লগতে পেটৰ বিষও থাকে তেন্তে পেৰৰাম ফচৰ লগত মেগনেচিয়াম ফচফৰিকাম ( চমুকৈ Mg Phos ) ব্যৱহাৰ কৰিব লাগে ।
যদি জ্বৰ অতি প্ৰবল হয় । তাপ যদি 104 বা 105 ডিগ্ৰীলৈ উঠে আৰু প্ৰলাপ বকে,অস্থিৰ হয় বা অজ্ঞান হৈ পৰে; তেন্তে ফেৰৰাম ফচৰ লগত অগা পিছাকৈ কেলি ফচ ( চমুকৈ Kali Phos ) ব্যৱহাৰ কৰিব লাগে ।
ফেৰৰাম ফচ ব্য়ৱহাৰ কৰাৰ পিছত সাধাৰণতে জ্বৰত ভুগি থকা ৰোগীৰ ঘাম ওলায় । যদি ফেৰৰাম ফচ ব্য়ৱহাৰ কৰাৰ পিছতো ৰোগীৰ ঘাম নোলায় তেন্তে Ferrum phos ৰ লগত কেলি চাল্ফ (Kali Sulph) ব্য়ৱহাৰ কৰিব লাগে ।
জ্বৰৰ প্ৰকোপ চাই কম ক্ষমতাৰ ঔষধ যেনে 12x বা 30x ৰ ঔষধ প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিব লাগে । জ্বৰ কমিলে 1 বা 2 ঘণ্টাৰ মূৰে মূৰে ঔষধ ব্য়ৱহাৰ কৰিব লাগে ।
হোমিও ঔষধৰ ক্ষেত্ৰত এটা মন কৰিব লগীয়া কথা যে ৰোগ ভাল হৈ অহাৰ লগে লগে ঔষধ খুওৱাৰ সময় অৰ্থাৎ এপালি ঔষধ খুওৱাৰ পিছত দ্বিতী পালি ঔষধ খুওৱাৰ সময় বহলাই আনিব লাগে । এঘণ্টাৰ ঠাইত পিছলৈ ছয় ঘণ্টাৰ মূৰত ঔষধ খুৱাব লাগে ।
FERRUM PHOSPHORICUM 30C 30 ML SBL.
Click The Picture To Buy It
মনত ৰাখিব লগীয়া–টাইফয়েড জ্বৰ,সেপ্টিক জ্বৰ বা আন যিকোনো জ্বৰত Ferrum Phos, Kali Mur আৰু Kali Phos এই তিনিটা ঔষধ ইটোৰ পিছত সিটো ব্য়ৱহাৰ কৰিলে প্ৰায়বোৰ জ্বৰ আৰোগ্য হয় ।