হোমিওপেথিক চিকিৎসা যিকোনো ধৰণৰ ভাইৰাচজনিত ৰোগৰ অতি ফলপ্ৰসু চিকিৎসা
হোমিওপেথিকত বসন্ত ৰোগৰ অতি ফলপ্ৰসু চিকিৎসা আছে । সেয়ে বসন্ত ৰোগৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে ।
বসন্ত ৰোগ দুই প্ৰকাৰৰ ।
১) পানী বসন্ত
২) প্ৰকৃত বসন্ত
পানী বসন্ত ৰোগত জুইয়ে পুৰিলে উঠাৰ দৰে ধৌ বা পানীজ্বলা উঠে । প্ৰকৃত বসন্ত ৰোগ হ’লে বসন্তৰ উদ্ভেদবোৰত ৰস,তেজ,পুঁজ উৎপত্তি হয় ।
বসন্ত ওলোৱাৰ দুই তিনি দিন আগৰে পৰাই গোটেই শৰীৰত কামুৰণি বিষ হয় । জ্বৰও উঠিব পাৰে ।
পানী বসন্তত বিশেষ ভয় কৰিব লগীয়া কাৰণ নেথাকে আৰু ৬/৭ দিনৰ ভিতৰত ভাল হয় ।
বসন্ত ৰোগ সাংঘাটিক ৰূপ ধাৰণ কৰিলে উদ্ভেদবোৰ ডাঙৰকৈ ওলায় । অতি ৰঙা পৰে । নাক কাণ,চকু,প্ৰস্ৰাৱ শৌচৰ পথেদি তেজ ওলায় । এনে অৱস্থাত সাৱধানে চিকিৎসা কৰিব লাগে ।
বসন্ত সম্পূৰ্ণ ওলাব নোৱাৰি কেতিয়াবা এবাৰ ওলাই আকৌ বহি গৈ নানা প্ৰকাৰৰ ৰোগৰ লক্ষণ প্ৰকাশ পায় । যেনে- অজ্ঞান হোৱা,বলিয়ালি বকা,গোটেই শৰীৰটো চেঁচা হৈ যোৱা ইত্যাদি ।
চিটা দিয়াৰ পিছত যি বসন্ত ওলায় তাক উপবসন্ত বোলে ।
বসন্ত এক ভাইৰাচ জনিত ৰোগ । সেয়ে হোমিওপেথিকে ঔষধেৰে ইয়াৰ চিকিৎসা কৰিলে সুফল পোৱা যায় ।